Asam Chaluasamah

Asam Lairidim Mel (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-13
1. OrganizationsLiterature(Proper Noun-Neuter) Assam Sahitya Sabha is the biggest literary organization in Assam. It was established in 1917 AD with a mission to work for development of Assamese language. Presently it has about one thousand branches all over Assam and also outside the state. The central office is at Jorhat a city of historical importance. The branches and the district units also have their offices in their respective places. The first name of this Society was "Sadau Asam Sahitya Sanmilan" but in 1924 May 5th changed this name and in 1944 registered a new name "Assam Sahitya Sabha". The first conference was held in the month of December 1917 under the presidentship of Padmanath Gohain Baruah, a big name in the history of modern Assamese literature. The Symbol of this organization was drawn on 28th October 1960 by artist Jugal Das. Now Kanak sen Deka is the president of this organization and he also a editor of Assamese daily 'Dainik Agradoot'. "Sira Senehi Mor Bhasa Janani" and "O mor Aponar Desh" is opening and closing songs of Asom Sahitya Sabha. অসম সাহিত্য সভা অসমৰ এটা উল্লেখযোগ্য সাহিত্য অনুষ্ঠান ৷ অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে ১৯১৭ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয় ৷ বৰ্তমান এহেজাৰৰো আধিক শাখা থকা এই অনুষ্ঠানটোৰ অসমৰ বাহিৰতো শাখা আছে ৷ ইয়াৰ মুখ্য কাৰ্য্যালয়টো আছে যোৰহাটত ৷ আনহাতে অসমৰ অন্যান্য প্ৰধান ঠাইসমূহতো ইয়াৰ একোটা কাৰ্য্যালয় আছে ৷ এই অনুষ্ঠানটিৰ প্ৰথম নাম আছিল "সদৌ আসাম সাহিত্য সন্মিলনী" আৰু ১৯২৪ চনৰ ৫ মে'ত ইয়াক পৰিবৰ্তন কৰি ১৯৪৪ চনৰ পৰা ইয়াক " অসম সাহিত্য সভা" হিচাবে গ্ৰহণ কৰা হয় ৷ ইয়াৰ প্ৰথম সন্মিলনখন অনুষ্ঠিত হৈছিল ১৯১৭ চনৰ ডিচেম্বৰ মাহত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত ৷ এই সভাৰ প্ৰতীকটো অংকন কৰিছিল ১৯৬০ চনৰ ২৮ অক্টোবৰত শিল্পী যুগল দাসে ৷ বৰ্তমান এই সভাৰ সভাপতি হ'ল 'অগ্ৰদূত' কাকতৰ সম্পাদক কনক সেন ডেকা ৷ এই সভাৰ আৰম্ভণি আৰু সমাপ্তি গান দুটা হ'ল ক্ৰমে "চিৰ চেনেহী মোৰ ভাষা জননী" আৰু "অ' মোৰ আপোনাৰ দেশ"৷